Nov 19, 2025

নামৰূপ মহাবিদ্যালয়ত জুবিন গাৰ্গৰ মুকলি মঞ্চ

অসমৰ সাংস্কৃতিক তথা জনজীৱনৰ প্ৰভাৱী ব্যক্তি তথা বহুমুখী প্ৰতিভাৰে বিশ্বত আলোড়ন সৃষ্টি কৰা শিল্পী জুবিন গাৰ্গৰ ৫৩তম জন্ম দিৱস নামৰূপ মহাবিদ্যালয়ৰ প্ৰাংগনত পালন কৰা হয়। ১৮ নৱেম্বৰ ২০২৫ ত অনুষ্ঠিত হোৱা জন্ম দিনটোত পূবতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ দুৰ্গা প্ৰসাদ গগৈ দেৱে কৰা প্ৰস্তাৱ অনুসৰি মহাবিদ্যালয়ৰ মুকলি মঞ্চখন  জুবিন গাগ মুকলি মঞ্চ নামেৰে নামাকৰণ কৰা হয়। ইয়াৰ জৰিয়তে প্ৰাণৰ শিল্পী গৰাকীক অনাগত অনন্ত কাললৈ উত্তৰ প্ৰজন্মই স্মৰণ কৰি থাকিব।

মহাবিদ্যালয়ত চলি থকা পৰীক্ষাৰ বাবে জুবিন গাৰ্গ জন্ম দিৱসটি দিনৰ দুই বজাৰ পৰা আৰম্ভ কৰা হয়। স্থানীয় শিল্পীৰ দ্বাৰা দিহা নামেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত অধ্যক্ষ মহোদয়ে অনুষ্ঠান শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত অসম কণ্ঠ পলাশ ফুকনকে ধৰি কেইগৰাকী স্থানীয় কণ্ঠ শিল্পী, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে গীত পৰিৱেশন কৰে। 

এই অনুষ্ঠানটো নামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা আৰু মহাবিদ্যালয়ৰ কতৃপক্ষই যুটিয়াভাৱে আয়োজন কৰে।

শেযত, সকোলৱে আগবঢ়োয়া সহায়-সহযোগিতাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। 

No comments:

Post a Comment

International Yoga Day

Namrup College observed international Yoga Day on 21st June 2026.