Oct 18, 2025

কাতি‌ বিহুৰ পৰম্পৰা পালন

বিগত বছৰৰ দৰে এই ২০২৫ চনতো নামৰূপ মহাবিদ্যালয়ৰ  চৌহদত এডৰা ধান খেতি কৰা হয়। ধান খেতি অসমীয়া সমাজৰ জীৱন আৰু জীৱিকাৰ অন্যতম সমল। মহাবিদ্যালয়ৰ চৌহদত কৰা এই খেতিৰ যোগেদি মহাবিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক খেতিৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ লগতে খেতিৰ সৈতে জড়িত পাঠ্যক্ৰমসমূহৰ বাবে ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা।

কাতি বিহু অসমীয়া জাতীয় উত্সৱৰ ভিতৰত এটা উল্লেখযোগ্য উত্সৱ। এই উত্সৱ বিশেষ উল্লহ-মালহ কৰা নহয় যদিও অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি কিছু ৰীতি-নীতি পালন কৰা হয়। ইয়াৰ ভিতৰত কাতিৰ বিহুৰ দিনা ধাননি পথাৰত মিঠাতেলৰ চাকি জ্বলোৱা হয। এই চাকি জ্বলোৱা মূল উদ্দেশ্য হৈছে কুমলীয়া ধান বোৰ চুহি খাবলৈ অহা অপকাৰী কৃত-পতংগ বোৰ চাকিৰে জ্বলাই মাৰি পেলোৱা। সন্ধিয়া যেতিয়া আন্ধাৰে পথাৰখন আৱৰি ধৰে তেতিয়া এই কৃত-পতংগবোৰ জ্বলি থকা চাকিত পৰি মৰি যায়।  

সেয়েহে সম্পূৰ্ণ পৰম্পৰাগতে নিয়মেৰে নামৰূপ মহাবিদ্যালয়ৰ ধাননি দৰাত এগচি চাকি জ্বলাই পৰম্পৰা ৰক্ষা কৰা হয়। এই কাৰ্যত মহাবিদ্যালয়ৰ আভ্যন্তিৰণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড০ জয়ন্ত সোনোৱালে আগভাগ লয়।

ঔ-টেঙাৰ বেটুপাতেৰে তৈয়াৰী মিঠাতেলৰ চাকি

মহাবিদ্যালয়ৰ ধাননি ধৰাত কাতি বিহুৰ পৰম্পৰা পালন





No comments:

Post a Comment

Successful completion of national seminar

Namrup, September 1, 2026: A two-day National Seminar on “Biodiversity Conservation for Environmental Sustainability in Northeast India: A M...